Cover

Sita

আমিশ ত্ৰিপাঠী

Unabridged 9789354835933
15 hours 51 minutes
Some articles contain affiliate links (marked with an asterisk *). If you click on these links and purchase products, we will receive a small commission at no extra cost to you. Your support helps to keep this site running and to continue creating useful content. Thank you for your support!

From the publisher

মিথিলাৰ ৰজা জনক আৰু ৰাণী বসুমতীয়ে যজ্ঞভূমিত হাল বাওঁতে সীৰলুত পোৱা পালিতা কন্যা, ৰামায়ণ মহাকাব্যৰ মূল নায়িকা 'সীতা'ক বৰ্তমান সময়ৰ আটাইতকৈ জনপ্ৰিয় লেখক আমিশ ত্ৰিপাঠীয়ে এক অনন্য ৰূপত পৰিৱেশন কৰিছে তেখেতৰ ৫৫ লাখতকৈয়ে বেছি বিক্ৰী হোৱা গ্ৰন্থ 'সীতা : মিথিলাৰ যোদ্ধা'ত৷ 'সীতা : মিথিলাৰ যোদ্ধা' আমিশৰ ৰামচন্দ্ৰ ত্ৰয়োবৃত্তৰ দ্বিতীয়খন গ্ৰন্থ৷ ৩৪০০ খ্ৰীষ্টপূৰ্ব ভাৰতবৰ্ষলৈ বৰ্তমানৰ লেখকে আমাক লৈ গৈছে, যেতিয়া ভাৰতবৰ্ষখনক সকলো ফালৰ পৰা ঘেৰি লৈছিল বিভাজন, অসন্তুষ্টি আৰু দৰিদ্ৰতাই৷ ৰাক্ষসপতি লংকাৰ অধীশ্বৰ ৰাৱণে সপ্তসিন্ধুৰ এই বিভাজন, অৰাজনতাৰ সুযোগ ল'বলৈ অপেক্ষা কৰি আছিল৷ এনে সময়তে সপ্তসিন্ধুৰ দুই জনহিতকাৰী জাতিয়ে হাত মিলালে ভাৰতবৰ্ষৰ বৃহত্তৰ কল্যাণৰ বাবে৷ তেওঁলোকে সন্মিলিতভাবে সন্ধান কৰিছিল এজন ত্ৰাণকৰ্তাৰ–এজন অৱতাৰৰ– এজন বিষ্ণুৰ৷ দুটা জাতিৰ সন্মিলিত প্ৰয়াসে ফল ধৰিছিল -মিথিলাৰ দৰে এখন অখ্যাত আৰু শক্তিহীন ৰাজ্যৰ ৰাজকন্যাক তেওঁলোকে নিৰ্বাচন কৰিছিল পৰৱৰ্তী বিষ্ণু ৰূপে৷ সীতাৰ স্বয়ম্বৰ আৰু শক্তিশালী অযোধ্যাৰ ৰাজকুমাৰ ৰামৰ দ্বাৰা সীতাৰ পাণিগ্ৰহণে তেওঁলোকৰ নিৰ্বাচন শুদ্ধতাকে পুনৰবাৰ প্ৰমাণ কৰিলে৷ পাছৰ কাহিনীখিনি সকলোৰে জ্ঞাত হোৱা সত্ত্বেও সীতাৰ বাল্যকালৰ বৰ্ণনা, য'ত মূল বাল্মীকিৰ ৰামায়ণো আনবোৰ ৰামায়ণবোৰৰ দৰেই নিমাত, আধুনিক মহাকাব্যিক লেখক আমিশৰ কলমত জীৱন্ত আৰু Cinematic হৈ উঠিছে।৷ জনপ্ৰিয় ইংৰাজী প্ৰবাদটোক অলপ সলনি কৰি ক'ব পাৰি Hearing is believing- শুনিলেহে বিশ্বাস কৰিব পাৰি৷ আহকচোন শুনো আৰু আমিশৰ যাদুকৰী বৰ্ণনাক বিশ্বাস কৰোঁ৷

Release date
03/25/2022

Storyside IN